সমষ্টিবাদী অৰ্থনীতি - অসমীয়া ৱিকিপিডিয়া সমললৈ যাওক

সমষ্টিবাদী অৰ্থনীতি

অসমীয়া ৱিকিপিডিয়াৰ পৰা
উৎপাদন আৰু ৰাষ্ট্ৰীয় আয়: সমষ্টিবাদী অৰ্থনীতিয়ে সমগ্ৰ অৰ্থনীতিৰ এক বৃহৎ ছবিক প্ৰদৰ্শন কৰে, য’ত প্ৰতিষ্ঠান, পৰিয়াল আৰু চৰকাৰৰ ভূমিকা আৰু তেওঁলোকৰ মাজৰ সম্পৰ্ক আৰু বিভিন্ন ধৰণৰ বজাৰ, যেনে বিত্তীয় বজাৰ আৰু শ্ৰম বজাৰ পৰীক্ষা কৰা হয়।

সমষ্টিবাদী অৰ্থনীতি (ইংৰাজী: Macroeconomics) হ’ল অৰ্থনীতিৰ এটা ভাগ য’ত সামগ্ৰীক ভাৱে অৰ্থনীতিখন বা সমগ্ৰ অৰ্থনীতিখনৰ সমষ্টিবোৰৰ আচৰণ অধ্যয়ন কৰা হয়। [1] সমাজৰ সমষ্টিগত অৰ্থনৈতিক বিষয়সমূহ, যেনে - সম্পূৰ্ণ নিয়োগ সমস্যা, সৰ্বমুঠ ৰাষ্ট্ৰীয় উৎপাদন, সামগ্ৰিক চাহিদা, সামগ্ৰিক যোগান, ৰাষ্ট্ৰীয় সঞ্চয় আৰু বিনিয়োগ ইত্যাদিৰ অধ্যয়নেই হৈছে সমষ্টিবাদী অৰ্থনীতি।

সমষ্টিবাদী অৰ্থনীতিৰ ইংৰাজী প্ৰতিশব্দ Macroeconomics (মেক্ৰইকনমিক্স) শব্দটো গ্ৰীক শব্দ ‘Makros’ (মেক্ৰছ) ৰ পৰা আহিছে যাৰ অৰ্থ হৈছে বৃহৎ বা ডাঙৰ।

সমষ্টিবাদী অৰ্থনীতিৰ সূত্ৰ হ’ল - “অৰ্থনৈতিক বিশ্লেষণৰ সেই ভাগকেই সমষ্টিবাদী অৰ্থনীতি বুলি ক’ব পাৰি, যি ভাগে এটা বিশেষ গোটৰ পৰিৱৰ্তে আটাইবোৰ গোটৰ অৰ্থনৈতিক আচৰণ একেলগে অধ্যয়ন কৰে।”

বিকল্প নাম

[সম্পাদনা কৰক]

সমষ্টিবাদী অৰ্থনীতিক ‘আয় আৰু নিয়োগ তত্ত্ব’ বুলিও কোৱা হয়। যিহেতু ইয়াৰ সৰ্বাধিক গুৰুত্বপূৰ্ণ বিষয়সমূহ সমাজৰ আয় আৰু নিয়োগ নিৰ্ধাৰণৰ সৈতে জড়িত সেইবাবে ইয়াক ‘আয় আৰু নিয়োগ তত্ত্ব’ বুলিও অভিহিত কৰা হয়।

সমষ্টিবাদী অৰ্থনীতিৰ পৰিসৰ

[সম্পাদনা কৰক]

সমষ্টিবাদী অৰ্থনীতিৰ পৰিসৰ অতি ব্যাপক। ইয়াৰ পৰিসৰখিনি ৰাষ্ট্ৰীয় আয়, উৎপাদন আৰু নিয়োগৰ স্তৰ নিৰ্ধাৰণ কৰা উপাদানবোৰৰ বিশ্লেষণ,বিতৰণ তত্ত্ব,অৰ্থনৈতিক উন্নয়ন আৰু ইয়াৰ দীৰ্ঘম্যাদী অৰ্জন পদ্ধতি,আন্তৰ্জাতিক বাণিজ্য তত্ত্ব, মুদ্ৰা, বাণিজ্য চক্ৰ আৰু মুদ্ৰাস্ফীতি বা মুদ্ৰা অৱক্ষয় আদিলৈ বিস্তৃত।

তথ্য সংগ্ৰহ

[সম্পাদনা কৰক]